চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ লগত বিছ বছৰ
চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ লগত বিশ বছৰ
সোণাৰাম বেজ
১৯১৯ চনৰ মে মাহৰ ১৩ তাৰিখে তেতিয়া নতুনকৈ স্থাপিত হোৱা নিউপ্রেছত মই মোৰ কৰ্ম্ম জীবন আৰম্ভ কৰোঁ। তেতিয়া ৰামচন্দ্র ব্রহ্মচাৰী বুলি এজন গুজঁৰাটী বাবাজী নিউপ্রেছত মেনেজাৰ হৈ আছিল। তেওঁৰ কথামতে প্রেছত যি কৰিব লাগে একান্ত বাধ্যৰ দৰে কৰি গলো। প্ৰেছৰ চাৰি সীমাৰ ভিতৰতে থকা সঙ্গ ঘৰ এটাত মোৰ থকা মেলাৰ ব্যৱস্থা কৰা হৈছিল।
জুন মাহৰ কোনোবা এটা ৰাতিপুৱা। পোহৰ ভাল-দৰে হোৱা নাছিল। বোধহয় চাৰিটামান বাজিছিল। ঘোঁৰাৰ গাড়ীৰ শব্দত টোপনি ভাঙি গ'ল। গাড়ীখন অফিচৰ মুখতে ব'ল আৰু গাড়ীৰ পৰা মানুহ নামি বঙলাত উঠা যেন পালোঁ। কৌতূহলী মনক দমাব নোৱাৰি উঠি আহি দেখিলোঁ যে এজন বগা, অতি ধুনীয়া মানুহ-চাহাবী পোচাক, কিন্তু মুগাৰ পাগুৰি মবা, বাৰান্দাখনত ইফাল সিফাল কৰি আছে। লগতে বিচনা পত্র আৰু এটা চাকৰো আছে। মই দেখিয়েই নমস্কাৰ কৰিলোঁ আৰু কাক বিচাৰিছে সুধিলোঁ। মানুহজনে কিন্তু মোকহে সুধিলে, বঙলাত কোন আছে?
কলো, বাবাজী আছে।
কেতিয়া উঠিব?
৭ মান বজাত উঠিব।
তুমি ইয়াত কি কৰা?
মই প্রেছত কাম কৰোঁ।
কি নাম? ইয়ালৈ অহা কিমান দিন হল? কিমানলৈ
পঢ়িছা? ঘৰত কোন কোন আছে? কোন ঠাইব? -সকলো উত্তৰ দিয়া হল।
পুনৰ সুধিলে, প্রেছত কাম কৰিলে কাপোৰ কানি-বিলাক লেতেৰা ন'হবনে?
লেতেৰা হ'লে ধুই লম বুলি উত্তৰ দিলে।।
তেখেতে কলে "কাপোৰ ধুই যেনেকৈ চাফা হবা, অন্তৰ-খনো তেনেকৈ ধুই নিকা কৰি লব লাগে, কৰ্ম্মপটু হবলৈ যত্ন কৰিব লাগে।” এই কথাষাৰৰ তেতিয়া অর্থ বুজা নাছিলোঁ, সেই অর্থ এতিয়াহে বুজিছো।
বিষয় ক'ত?
বিষয় আজি দদায়েকৰ ঘৰত আছে। এতিয়াই আহিব। (বিষয় বাবাজীৰ আলপয়চান ধৰা লৰা আছিল)।
মানুহজনে বাৰান্দাত থকা চকীখনত বহি এইবিলাক কথা কৈছিল। মই ওচৰৰ পৰা আহিবও নোৱাৰোঁ, অথচ ক'ৰ পৰা আহিল একো উত্তৰো নিদিলে-মই অলপ বিবুধিত পৰিলোঁ। পুনৰ মই সুধিলে। "আপুনি ক'ৰ পৰা আহিল?”
"মই তেজপুৰৰ পৰা জাহাজত আহিলোঁ।” সেই সময়ত তেজপুৰৰ মেইল জাহাজ ৰাতিপুৱা তিনিটা বা চাৰিটা মান বজাৰ ভিতৰতে পাইছিলহি। মই তথাপি মানুহজনক চিনি পোৱা নাই। আকৌ সুধিলোঁ- কিবা পানী-ছনি লাগিব নেকি? মানুহজন যেন এইবাৰ অলপ বিৰক্ত হল। বিশেষকৈ মোৰ ব্যস্ততা যেন মানুহজনে ভাল পোৱা নাই। ক'লে একো নেলাগে, তুমি তোমাৰ ঘৰলৈ যোৱা।
মই মোৰ ৰহালৈ আহিলো। এনেতে বিষয়ও আহি পালে। মনত কিছু সাহ পালোঁ। বিষয় আহিয়েই বাবাজীক মাতিলে। দুৱাৰ-ঘব খুলি দিলে। আটাইবোৰ ব্যস্ত হৈ পৰিল। মানুহজন ভিতৰত বহি বাবাজীৰ লগত কথাৰ মহলাত ব্যস্ত হৈ পৰিল। বিষয় এবাৰ বঙলাৰ পৰা ওলাই ৰান্ধনি ঘৰলৈ যাওঁতে মই বিষয়ক সুধিলে।-“এখেত কোন?" তেতিয়া বিষয়ে সকলো কলে। তেতিয়াহে জানিলে। এখেত গ্রেছৰ মালিক স্বয়ং শ্রদ্ধেয় শ্রীচন্দ্রকুমাৰ আগৰৱালা। সেই দিনাই তেখেত ডিব্রুগড়লৈ ট্রেইনেৰে গ'ল। দুনাই সেইদিনা তেখেতক লগ নেপালে।।
প্ৰেছত কাম কৰা পাঁচজন ল'ৰা। আখৰ বিলাক টিনত খোৱা আছিল। তাৰ পৰা আখৰবোৰ উলিয়াই ক, খ, গ আদি আখৰবোৰ বেলেগ বেলেগ কৰি বাছি কাগজৰ টোপোলা বান্ধি থোৱাই আমাৰ কাম আছিল।
আগৰৱালাদেৱ বেছিভাগ সময় গুৱাহাটী বা ডিব্রুগড়তে থাকিবলগীয়া হৈছিল। কাৰণ এই দুয়োঠাইতে তেখেতৰ দুটা প্রেছ আছিল। এমাহ মানৰ পিচত আগৰৱালাদের পুনব ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি বঙলাতে থাকি মাজে মাজে আমাৰ কাম কাজ চাইছিল। কেতিয়াবা আহি আখববিলাক কেনেকৈ বাখিব লাগে, কেনেকৈ মিলাব লাগে দেখুৱাই দিছিল। এদিন তেনেদৰে দেখুৱাই দি তেখেত বঙলালৈ গ'ল। তেখেতে দেখুৱামতে আমি আখৰ বাছি গেলিবিলাকত সাজি থৈছো। তাবে চাবিজন লবাই গেলিবিলাক লৈ বঙলাৰ ওচৰত থকা পানীৰ কলটোত আখৰবিলাক ধুবলৈ ধৰিলে।
তেখেতে আখৰবিলাক ধুবলৈ ধৰা দেখি সিহঁতক সুধিলে-আখৰবিলাক কোনে ধুবলৈ দিছে। সিহঁতে কোনেও দিয়া নাই বুলি উত্তৰ দিবলৈহে পালে, তেখেত খঙত অগ্নিশৰ্ম্মা হৈ তর্জন গর্জন কৰিব ধৰিলে। সিহঁতে একো উপায় নেপায় গেলিবিলাক অফিচলৈ আনিব খোজাত আনিব নিদি তাতে
থবলৈ দি সিহঁতক যাবলৈ দিলে। সিহঁতৰ কাপোৰ কানিবোৰ অফিচলৈ আনিব যোৱাত, অফিচত সোমাবলৈ নিদি "সোণাৰাম, সোণাৰাম” বুলি মাতিব ধৰিলে। মই গৈ পোৱাত কলে-"ইহঁতৰ কাপোৰ কানিবিলাক উলিয়াই দিয়া, ইহঁত যাওঁক। তুমি অকলে কাম কৰি থাকা।" হুকুম পালন কৰা হ'ল আক সিইতো গ'ল। মনতে ভাবিলো, "আৰু অলপ পিচতে আখৰবিলাক ধুবলৈ ময়ো গলোহেঁতেন। ভগৱান নিশ্চয় মোব প্রতি সুপ্রসন্ন আছিল।" প্রথমদিনা কোৱা কথাটো মনত পৰিল- "ভিতৰখন ধুই কৰ্ম্মপটু হবলৈ যত্ন কৰিব লাগে।" তেওঁব আদেশ মিনিটে মিনিটে পালন কাৰম বুলি মনতে প্রতিজ্ঞা কবি ললে।। গধূলি বঙলালৈ মোক মাতি নি কলে- "হেৰা সোণাৰাম, সিহঁত কাম কৰা লৰা নহয়। সিহঁতৰ ধূমপেছ বৰ বেছি। গাতকে সিহঁতক ব্যাখলে বেয়াহে আছে। তুাম ভালদৰে কাম কৰিবা। অলপতে বঙালী কম্পজিটৰ আহিব, সিহঁতৰ লগত ভালকৈ কাম শিকি-লোৱা। বাহিৰা সভা সাম্যত চাব যাবা। বাহিবা কিতাপ পঢ়িবা। আমি যেতিয়া লগ লাগি ইয়াত কথা বতৰা হৈ থাকো, সেইবিলাক ইয়ালৈ আহি শুনিবা। জ্ঞান বাঢ়িব। বহুত কথা জানিব।।" মনতে ভাবিলে।, "খং উঠিলে জুইত-কৈয়ো উত্তপ্ত আক খং মুঠিলে পানীতকৈও চেঁচা।” এনেকুৱা এজন মানুহৰ প্ৰেছত কাম কৰিবলৈ পায়, আৰু তেখেতব প্রিয়পাত্র হৈ পৰাত নিজকে ভাগ্যৱান বুলি ভাবিলোঁ। ভক্তি আহিল কৰ্ম্মগুক বুলি।
এদিন এটা বিহাৰী লৰাই হাতত এটা লোটা আৰু এখন খৈলাৰ মোনা লৈ খুজিব আহিল। সেইদিনা দেওবাৰ আছিল। লৰাজনক আগৰৱালাদেৱে ক'লে- "তুমি যে খুজি ফুবা, কাম কৰিব নোৱাৰানে?" লৰাজনে কলে-“হুজুব কাম গালে কৰিব পাৰোঁ। কিন্তু মই খোৰা মানুহ হাত দুটাৰে যি পাৰোঁ কৰিব পাৰোঁ।" তেতিয়া সেই দূৰদৰ্শিতা সম্পন্ন।
আগৰৱালাদেবে ক'লে- "এই 'অফিচ কম্পাউণ্ডৰ! ভিতৰত যে বনবিলাক আছে এইবিলাক উভালি চাফা কৰাচোন। তোমাৰ কাম চাওঁ।" সেই খোৰা বিহাৰী লৰাজনে পুৱা ৮ মান বজাৰ পৰা চাৰিমান বজালৈ কম্পাউণ্ডটো যে কি ধুনীয়া কৰি দিলে, নেদেখিলে লিখি প্রকাশ কৰা টান। তেতিয়া মোক মাতিলে "সোণাবাম, সোণাৰাম, চোৱাচোন, কি সুন্দৰ কবি বনবিলাক উভালি চাফা কৰিলে। ইয়াক বখা যাওঁক। মেচিনৰ লোহাবিলাক চাফা কৰিব পাৰিব।" লগে লগে লৰাজনৰ চাকৰি হৈ গ'ল। তেতিয়াৰ পৰা সেই লবাজনে নিউ প্রেছত নানা বকমৰ ভাল ভাল কাম কৰি সকলোৰে বিশ্বাসী হৈ পৰিছে। আচল নাম আলাউদ্দিনব পৰা ৰাম সিং নামেৰে সেই লৰাজন নিউ প্রেছত বুঢ়া হৈ এতিয়াও আছে।
আগৰৱালাদেৱৰ ডিব্ৰুগড়ৰ অসমীয়া কাকতৰ অফিচৰ কর্মীবিলাকে ধর্মঘট কৰাত গুৱাহাটীৰ নিউ প্রেছলৈ টেলিগ্রাম কবি আমাৰ তিনিওজনক মাতিলে, কম্পজিটৰ সোণাৰাম, মেচিনমেন বিষয় দাস আৰু দপ্তবী শ্রীলক্ষীবাম কলিতা। টেলিগ্রাম পায়ে নিউপ্রেছব মেনেজাবে আমাক ডিব্রুগড়লৈ পঠালে। যথা সময়ত ডিব্রুগড় পালো। গৈ পোৱাৰ লগে লগে খোৱা লোৱা থকা ঘৰ আদিৰ সুন্দৰ বন্দবস্ত কৰি দিকি যে যত্নত বাখিছিল তাক পাহবা টান। সেই সময়তে মহামানব মহাত্মা গান্ধী প্রথম ডিব্রুগড়লৈ আহে। আগৰৱালাদেৱৰ বঙলাৰ আগতে বেলব লাইন। বহুত দূৰৰ পৰা জয়ধ্বনি শুনা গ'ল। প্রেছ ছুটী দিলে। সকলো ময়দানত থিয় হৈ চাই থাকিলোঁ মহাত্মা অহা গাড়ীখনলৈ। খন্তেক পিচতে গাড়ী আহিল। গাড়ীখনৰ ছয়োফালে কেৱল কলগছ বন্ধা, তলে ওপৰে মানুহ। মহাত্মাৰ গাড়ীগ'ল ডিব্রুগড় চহবলৈ। চাৰি বজাত মিটিং আৰম্ভ হোৱাৰ কথা। মিটিং চাবলৈ আগৰৱালাদেৱে আমাক তিনিজোৰা খদ্দৰৰ কাপোৰ।
কিনি দি ক'লে-“এই কাপোৰ পিন্ধি মিটিওলৈ যাবা। বিলাতী কাপোৰ নিনিবা।” মিটিঙৰ পৰা আহি গধূলি বঙলাৰ পৰা বহুত বিলাতী কাপোৰ উলিয়াই আনি তেখেতৰ নুমলীয়া লবা আঠবছৰ বয়সৰ শ্রীতরুণ কুমাৰ আগৰৱালাৰ দ্বাৰা বঙলাৰ আগতে জুই লগাই জ্বলাই দিয়ালে। সেইদিনাৰ পৰা তেখেতে বিলাতী কাপোৰৰ পৰিবৰ্ত্তে খন্দৰৰ পায়জামা, পাঞ্জাবী আক এৰীয়াৰ কোট পিন্ধিবলৈ আৰম্ভ কৰিলে। সেয়ে আছিল গান্ধীবাদী দেশপ্রেমিক চন্দ্রকুমাৰ আগৰৱালা।
গুৱাহাটীত এদিন সন্ধিয়া সময়ত সাহিত্যবথী বেজবৰুৱা, 'সত্যনাথ বড়া, হেমচন্দ্র গোস্বামী, জে, বৰুৱা, ৰঘুনাথ চৌধাৰী, কমলাকান্ত ভট্টাচাৰ্য্য আদি লগ লাগি জোনাকী যুগৰ পৰা আবম্ভ কৰি নানা কথা কৈ আটাইবিলাকে হাঁহি-ধেমালি কৰিব ধৰিলে। সেইদিনাৰ দবে হাঁহি আৰু দেখা নাই। কাৰোবাৰ দোষ কাৰোবাৰ গুণ নানা ধৰণৰ কথা ওলাইছিল সিদিনা। কমলাকান্ত ভট্টাচাৰ্য্যক সকলোৱে ঠাট্টা কবি নানা ধৰণে কয়। ভট্টাচার্য্যই মাজে মাজে গালিও পাবে আক হাঁহে। 'তাৰে ভিতৰৰে এজনে আগৰৱালাদেৱৰ বিষয়ে কৈছিল- "ভাগ্যৰ গুণত আগৰৱালাৰ ছোৱালী নহল। যদি ছোৱালী থাকিলহেঁতেন তেন্তে বিয়া দিয়া টান আছিল। কাৰণ এটা নহয় এটা সকলো লৰাবে দোষ আছেই। দোষ নথকা মানুহ ক'ত আছে।” তেতিয়া কমলাকান্ত ভট্টাচার্য্যই কৈছিল-"মাজু বৰ ভয়াতুৰ” (চন্দ্ৰকুমাৰ আগৰৱালাদেৱক মাজু বুলি মাতিছিল)। তেতিয়া আগৰৱালাদেৱে কৈছিল -"মই তিনিটাক বৰ ভয় কৰোঁ প্রথম মিছা কথা, দ্বিতীয় পবনিন্দা, তৃতীয় লিখনিৰ ভুল হোৱা।”
খাৰঘুলিত যেতিয়াৰ পৰা বঙলা সাজি থকা কৰিলে তেতিয়াৰ পৰা কাম কৰা কৰ্ম্মীবিলাকৰ লগত থাকিব লগা হ'ল। তেখেত থাকে পাহাৰৰ টিলাৰ ওপৰৰ বঙলাত, আমি থাকোঁ তলৰ ঘৰবিলাকত। ওপৰত থাকিও তেখেতে কর্মীবিলাকৰ।
কাকতখন তেখেতে নিজে আদিৰ পৰা অন্তলৈ খৰচী 'মাবি পঢ়ি ক'ত ভুল হৈছে চাই ৰঙা চিয়াহীৰে কাটি অফিচলৈ পঠিয়াই দিয়ে। যাতে তেনে ভুল দ্বিতীয়বাৰ নহয় তাৰ বাবে সম্পাদকক কয়। অসমীয়া কাকতখনত ভুল হোৱা আৰু পলমকৈ প্রকাশ হোৱা বাবে অসমীয়াৰ সম্পাদক সকলৰ লগত মাজে মাজে তেখেতৰ মনোমালিন্য হোৱা দেখা গৈছিল।
আগৱালাদেৱৰ মাজু লৰা অকণকুমাৰ আগৰৱালা ডিব্ৰুগড়ৰ বঙলাত আত্মঘাতী হৈ মৰাৰ পিচৰে পৰা তেখেতৰ মনোবল ভাঙি গ'ল। প্ৰেছৰ ওচৰত থকা খাৰঘুলিব বঙলাটো নিউপ্ৰেছৰ মেনেজাব শ্রীখগেন্দ্রনাথ দত্ত ভূঞাক দান দি তেখেতে উজানবজাৰত বঙলা সাজি থকা আৰম্ভ কৰিলে। তেখেতৰ ডাঙৰ লৰা শ্রীনবীনকুমাৰ আগৰৱালাক ১৯৩২ চনত ডিৰেক্টৰ পাতি আগৰৱালাদেৱে জিৰণি লৈ গুৱাহাটীতে থাকিল। ১৯৩৮ চনৰ ফাগুন মাহত তেখেতে ইহলীলা সম্বৰণ কৰে।
তথ্য উৎস
পৃষ্ঠা নং ২১