চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ লগত বিছ বছৰ
চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ লগত বিশ বছৰ সোণাৰাম বেজ ১৯১৯ চনৰ মে মাহৰ ১৩ তাৰিখে তেতিয়া নতুনকৈ স্থাপিত হোৱা নিউপ্রেছত মই মোৰ কৰ্ম্ম জীবন আৰম্ভ কৰোঁ। তেতিয়া ৰামচন্দ্র ব্রহ্মচাৰী বুলি এজন গুজঁৰাটী বাবাজী নিউপ্রেছত মেনেজাৰ হৈ আছিল। তেওঁৰ কথামতে প্রেছত যি কৰিব লাগে একান্ত বাধ্যৰ দৰে কৰি গলো। প্ৰেছৰ চাৰি সীমাৰ ভিতৰতে থকা সঙ্গ ঘৰ এটাত মোৰ থকা মেলাৰ ব্যৱস্থা কৰা হৈছিল। জুন মাহৰ কোনোবা এটা ৰাতিপুৱা। পোহৰ ভাল-দৰে হোৱা নাছিল। বোধহয় চাৰিটামান বাজিছিল। ঘোঁৰাৰ গাড়ীৰ শব্দত টোপনি ভাঙি গ'ল। গাড়ীখন অফিচৰ মুখতে ব'ল আৰু গাড়ীৰ পৰা মানুহ নামি বঙলাত উঠা যেন পালোঁ। কৌতূহলী মনক দমাব নোৱাৰি উঠি আহি দেখিলোঁ যে এজন বগা, অতি ধুনীয়া মানুহ-চাহাবী পোচাক, কিন্তু মুগাৰ পাগুৰি মবা, বাৰান্দাখনত ইফাল সিফাল কৰি আছে। লগতে বিচনা পত্র আৰু এটা চাকৰো আছে। মই দেখিয়েই নমস্কাৰ কৰিলোঁ আৰু কাক বিচাৰিছে সুধিলোঁ। মানুহজনে কিন্তু মোকহে সুধিলে, বঙলাত কোন আছে? কলো, বাবাজী আছে। কেতিয়া উঠিব? ৭ মান বজাত উঠিব। তুমি ইয়াত কি কৰা? মই প্রেছত কাম কৰোঁ। কি নাম? ইয়ালৈ অহা কিমান দিন হল? কিমানলৈ পঢ়িছা? ঘৰত কোন কোন আছে? কোন ঠাইব? -সকল...